القسم الثالث: نظام الأسرة أو (الأحوال الشخصية)
তৃতীয় খণ্ড: পাৰিবাৰিক ব্যৱস্থা বা (ব্যক্তিগত স্থিতি)
الباب الأول: النكاح والطلاق والعدة والرضاع وما يتعلق بها
প্ৰথম অধ্যায়: নিকাহ, তালাক, ইদ্দত, স্তন্যপান আৰু ইয়াৰ সৈতে জড়িত বিষয়সমূহ
قال رسول الله ﷺ «إِذَا أَتَاكُمْ مَنْ تَرْضَوْنَ خُلُقَهُ وَدِينَهُ فَزَوِّجُوهُ، إِنْ لَا تَفْعَلُوا تَكُنْ فِتْنَةٌ فِي الأَرْضِ وَفَسَادٌ عَرِيضٌ».
আল্লাহৰ ৰাছুল ﷺ-এ কৈছে, «যেতিয়া তোমালোকৰ ওচৰলৈ এনে কোনো ব্যক্তি (বিবাহৰ প্ৰস্তাৱ লৈ) আহে যাৰ চৰিত্ৰ আৰু দ্বীনদাৰীৰ প্ৰতি তোমালোক সন্তুষ্ট, তেন্তে তাৰ লগত বিবাহ সম্পন্ন কৰা। যদি তোমালোকে এনে নকৰা, তেন্তে পৃথিৱীত ফিতনা আৰু ব্যাপক বিশৃংখলতা বিয়পি পৰিব।»
قال رسول الله ﷺ «أَكْمَلُ الْمُؤْمِنِينَ إِيمَانًا أَحْسَنُهُمْ خُلُقًا وَخِيَارُكُمْ خِيَارُكُمْ لِنِسَائِهِ».
আল্লাহৰ ৰাছুল ﷺ-এ কৈছে, «ঈমানৰ ক্ষেত্ৰত আটাইতকৈ পৰিপূৰ্ণ মু'মিন সেইজন, যাৰ চৰিত্ৰ আটাইতকৈ উত্তম। আৰু তোমালোকৰ মাজত সেইজনাই উত্তম যিজন নিজৰ স্ত্ৰীৰ বাবে উত্তম।»
قال رسول الله ﷺ «إِنَّ الْوَلَدَ مَبْخَلَةٌ مَجْبَنَةٌ، مَجْهَلَةٌ، مَحْزَنَةٌ».
আল্লাহৰ ৰাছুল ﷺ-এ কৈছে, «নিশ্চয় সন্তান (মানুহক) কৃপণ, ভয়াতুৰ, অজ্ঞ আৰু দুখী কৰাৰ কাৰণ হয়।»
قال رسول الله ﷺ «كُلُّكُمْ رَاعٍ وَمَسْؤُولٌ عَنْ رَعِيَّتِهِ، فَالإِمَامُ رَاعٍ وَمَسْؤُولٌ عَنْ رَعِيَّتِهِ، وَالرَّجُلُ فِي أَهْلِهِ رَاعٍ وَهُوَ مَسْؤُولٌ عَنْ رَعِيَّتِهِ، وَالمَرْأَةُ فِي بَيْتِ زَوْجِهَا رَاعِيَةٌ وَهِيَ مَسْؤُولَةٌ عَنْ رَعِيَّتِهَا، وَالخَادِمُ فِي مَالِ سَيِّدِهِ رَاعٍ وَهُوَ مَسْؤُولٌ عَنْ رَعِيَّتِهِ، وَالرَّجُلُ فِي مَالِ أَبِيهِ رَاعٍ وَمَسْؤُولٌ عَنْ رَعِيَّتِهِ، فَكُلُّكُمْ رَاعٍ وَكُلُّكُمْ مَسْؤُولٌ عَنْ رَعِيَّتِهِ».
আল্লাহৰ ৰাছুল ﷺ-এ কৈছে, «তোমালোক প্ৰত্যেকেই একোজন ৰখীয়া আৰু নিজৰ অধীনস্থসকলৰ বিষয়ে তোমালোকক জবাবদিহি কৰা হ'ব। শাসক এজন ৰখীয়া আৰু তেওঁৰ অধীনস্থসকলৰ বিষয়ে তেওঁক জবাবদিহি কৰা হ'ব। পুৰুষ নিজৰ পৰিয়ালৰ ৰখীয়া আৰু তেওঁৰ অধীনস্থসকলৰ বিষয়ে তেওঁক জবাবদিহি কৰা হ'ব। মহিলা নিজৰ স্বামীৰ ঘৰৰ ৰখীয়া আৰু তাইৰ অধীনস্থসকলৰ বিষয়ে তাইক জবাবদিহি কৰা হ'ব। সেৱক নিজৰ মালিকৰ সম্পত্তিৰ ৰখীয়া আৰু তাৰ অধীনস্থসকলৰ বিষয়ে তাক জবাবদিহি কৰা হ'ব। আৰু এজন ব্যক্তি তেওঁৰ পিতৃৰ সম্পত্তিৰ ৰখীয়া আৰু তেওঁৰ অধীনস্থসকলৰ বিষয়ে তেওঁক জবাবদিহি কৰা হ'ব। এতেকে, তোমালোক প্ৰত্যেকেই একোজন ৰখীয়া আৰু প্ৰত্যেককে নিজৰ অধীনস্থসকলৰ বিষয়ে জবাবদিহি কৰা হ'ব।»
قال رسول الله ﷺ «لَا يَخْلُوَنَّ رَجُلٌ بِامْرَأَةٍ إِلَّا وَمَعَهَا ذُو مَحْرَمٍ».
আল্লাহৰ ৰাছুল ﷺ-এ কৈছে, «কোনো পুৰুষে কোনো মহিলাৰ লগত তেওঁৰ মাহৰামৰ অনুপস্থিতিত কেতিয়াও নিৰ্জনতাত অকলে নাথাকিব।»
قال رسول الله ﷺ «لا يَدْخُلْ هَؤُلَاءِ عَلَيْكُمْ».
আল্লাহৰ ৰাছুল ﷺ-এ কৈছে, «এইসকলক তোমালোকৰ ওচৰত প্ৰৱেশ কৰিবলৈ নিদিবা।»
قال رسول الله ﷺ «مَنْ كَانَ يُؤْمِنُ بِاللَّهِ وَاليَوْمِ الآخِرِ فَإِذَا شَهِدَ أَمْرًا فَلْيَتَكَلَّمْ بِخَيْرٍ أَوْ لِيَسْكُتْ، وَاسْتَوْصُوا بِالنِّسَاءِ، فَإِنَّ الْمَرْأَةَ خُلِقَتْ مِنْ ضِلَعٍ، وَإِنَّ أَعْوَجَ شَيْءٍ فِي الضِّلَعِ أَعْلَاهُ، إِنْ ذَهَبْتَ تُقِيمُهُ كَسَرْتَهُ، وَإِنْ تَرَكْتَهُ لَمْ يَزَلْ أَعْوَجَ، اسْتَوْصُوا بِالنِّسَاءِ خَيْرًا».
আল্লাহৰ ৰাছুল ﷺ-এ কৈছে, «যিজনে আল্লাহ আৰু আখিৰাতৰ ওপৰত ঈমান ৰাখে, তেওঁ যেতিয়া কোনো বিষয়ত উপস্থিত থাকে, তেওঁ যেন ভাল কথা কয় অথবা মৌন হৈ থাকে। আৰু মহিলাসকলৰ প্ৰতি সদ্ব্যৱহাৰৰ উপদেশ গ্ৰহণ কৰা, কিয়নো মহিলাক পঁজৰৰ হাড়ৰ পৰা সৃষ্টি কৰা হৈছে, আৰু পঁজৰৰ হাড়ৰ আটাইতকৈ বেছি বেঁকা অংশটো হ'ল ইয়াৰ ওপৰৰ অংশ। যদি তুমি তাক পোন কৰিবলৈ যোৱা, তেন্তে তুমি তাক ভাঙি পেলাবা, আৰু যদি তুমি তাক তেনেকৈয়ে এৰি দিয়া, তেন্তে সি বেঁকা হৈয়েই থাকিব। গতিকে মহিলাসকলৰ প্ৰতি ভাল ব্যৱহাৰৰ উপদেশ গ্ৰহণ কৰা।»
قال رسول الله ﷺ «نَعَمْ صِلي أُمَّكِ».
আল্লাহৰ ৰাছুল ﷺ-এ কৈছে, «হয়, তোমাৰ মাৰ লগত সম্পৰ্ক ৰক্ষা কৰা।»
الباب الثاني: المواريث والوصايا والهبة
দ্বিতীয় অধ্যায়: উত্তৰাধিকাৰ, ওছিয়ত আৰু উপহাৰ (হিবা)
قال رسول الله ﷺ «اتَّقُوا اللهَ وَاعْدِلُوا فِي أَوْلادِكُمْ».
ৰাছুলুল্লাহ ﷺ-এ কৈছে, ‘তোমালোকে আল্লাহক ভয় কৰা আৰু নিজৰ সন্তান-সন্ততিৰ মাজত সমতা স্থাপন কৰা’।