القسم الخامس: نظام الحياة الاجتماعية في الإسلام

পঞ্চম খণ্ড: ইছলামত সামাজিক জীৱন ব্যৱস্থা

الباب الأول: اللباس والزينة والسكن

প্ৰথম অধ্যায়: পোছাক, সজ্জা আৰু বাসস্থান

قال رسول الله ﷺ «لا تَتْرُكُوا النَّارَ فِي بُيُوتِكُمْ حِينَ تَنَامُونَ».

ৰাছুলুল্লাহ ﷺ কৈছে, «তোমালোকে শুই থকাৰ সময়ত নিজৰ ঘৰত জুই জ্বলাই নথ'বা।»

قال رسول الله ﷺ «لا يَنْظُرُ اللهُ إِلَى مَنْ جَرَّ ثَوْبَهُ خُيَلاءَ».

ৰাছুলুল্লাহ ﷺ কৈছে, «যিজনে অহংকাৰবশতঃ নিজৰ কাপোৰ মাটিত চোঁচৰাই লৈ ফুৰে, আল্লাহে তেওঁৰ ফালে নাচায়।»

قال رسول الله ﷺ «يَا عَائِشَةُ، أَشَدُّ النَّاسِ عَذَابًا عِنْدَ الله يَوْمَ الْقِيَامَةِ الَّذِينَ يُضَاهُونَ بِخَلْقِ الله».

ৰাছুলুল্লাহ ﷺ কৈছে, «হে আইশ্বা, কিয়ামতৰ দিনা আল্লাহৰ ওচৰত আটাইতকৈ কঠিন শাস্তি সেইসকল লোকৰ হ'ব যিসকলে আল্লাহৰ সৃষ্টিৰ অনুকৰণ কৰে।»

الباب الثاني: الطعام والشراب

দ্বিতীয় অধ্যায়: খাদ্য আৰু পানীয়

قال رسول الله ﷺ «اجْتَمِعُوا عَلَى طَعَامِكُمْ وَاذْكُرُوا اسْمَ اللهِ عَلَيْهِ يُبَارَكْ لَكُمْ فِيهِ».

আল্লাহৰ ৰাছুল ﷺ-এ কৈছে, «তোমালোকে নিজৰ খাদ্যৰ ওপৰত একত্ৰিত হোৱা আৰু ইয়াৰ ওপৰত আল্লাহৰ নাম লোৱা, তোমালোকৰ বাবে তাত বৰকত দিয়া হ'ব।»

قال رسول الله ﷺ «بَيْتٌ لا تَمْرَ فِيهِ جِيَاعٌ أَهْلُهُ».

আল্লাহৰ ৰাছুল ﷺ-এ কৈছে, «যি ঘৰত খেজুৰ নাই, সেই ঘৰৰ মানুহ ভোকাতুৰ।»

قال رسول الله ﷺ «غَطُّوا الإِنَاءَ، وأَوْكُوا السِّقَاءَ، وَأَغْلِقُوا الأَبْوَابَ، وَأَطْفِئُوا السِّرَاجَ، فَإِنَّ الشَّيْطَانَ لَا يَحُلُّ سِقَاءً، وَلَا يَفْتَحُ بَابًا، وَلَا يَكْشِفُ إِنَاءً، فَإِنْ لَمْ يَجِدْ أَحَدُكُمْ إِلَّا أَنْ يَعْرُضَ عَلَى إِنَائِهِ عُودًا وَيَذْكُرَ اسْمَ اللهِ فَلْيَفْعَلْ، فَإِنَّ الْفُوَيْسِقَةَ تُضْرِمُ عَلَى أَهْلِ الْبَيْتِ بَيْتَهُمْ».

আল্লাহৰ ৰাছুল ﷺ-এ কৈছে, «পাত্ৰবোৰ ঢাকি ৰাখা, পানীৰ পাত্ৰৰ মুখ বন্ধ কৰা, দুৱাৰবোৰ বন্ধ কৰা, আৰু চাকিবোৰ নুমুৱাই দিয়া। কাৰণ চয়তানে বন্ধ পানীৰ পাত্ৰ খুলিব নোৱাৰে, বন্ধ দুৱাৰ খুলিব নোৱাৰে, আৰু ঢাকি থোৱা পাত্ৰও খুলিব নোৱাৰে। যদি তোমালোকৰ কোনোবাই পাত্ৰৰ ওপৰত এডাল কাঠ ৰাখি আল্লাহৰ নাম লোৱাৰ বাহিৰে আন একো নাপায়, তেন্তে তেওঁ তাকেই কৰক। কাৰণ দুষ্ট নিগনিয়ে (অনেক সময়) ঘৰৰ মানুহৰ সৈতে তেওঁলোকৰ ঘৰ জ্বলাই দিয়ে।»

قال رسول الله ﷺ «مَا مَلأَ آدَمِيٌّ وِعَاءً شَرًّا مِنْ بَطْنِهِ بِحَسْبِ ابْنِ آدَمَ أُكُلاتٌ يُقِمْنَ صُلْبَهُ فَإِنْ كَانَ لا مَحَالَةَ، فَثُلُثٌ لِطَعَامِهِ، وَثُلُثٌ لِشَرَابِهِ، وَثُلُثٌ لِنَفَسِهِ».

আল্লাহৰ ৰাছুল ﷺ-এ কৈছে, «আদমৰ সন্তানে পেটতকৈ বেয়া কোনো পাত্ৰ পূৰণ নকৰে। আদমৰ সন্তানৰ বাবে কঁকাল পোন কৰি ৰাখিবলৈ কেইগৰাহমান খাদ্যই যথেষ্ট। যদি তাতোকৈ বেছি খোৱাটো অপৰিহাৰ্য হয়, তেন্তে এক-তৃতীয়াংশ খাদ্যৰ বাবে, এক-তৃতীয়াংশ পানীয়ৰ বাবে আৰু এক-তৃতীয়াংশ উশাহ-নিশাহৰ বাবে (খালী ৰাখিব লাগে)।»

قال رسول الله ﷺ «يَا عَائِشَةُ، أَكْرِمِي كَرِيمَكِ، فَإِنَّهَا مَا نَفَرَتْ عَنْ قَوْمٍ قَطُّ فَعَادَتْ إِلَيْهِمْ».

আল্লাহৰ ৰাছুল ﷺ-এ কৈছে, «হে আইশ্বা, তোমাৰ সন্মানীয় বস্তুক (ৰুটি) সন্মান কৰা, কাৰণ ই যেতিয়া কোনো সম্প্ৰদায়ৰ পৰা আঁতৰি যায়, তেতিয়া সিহঁতৰ ওচৰলৈ ঘূৰি নাহে।»

«نَهَى النَّبِيُّ ﷺ أَنْ يُتَنَفَّسَ فِي الإِنَاءِ، أَوْ يُنْفَخَ فِيهِ».

«নবী ﷺ-এ পাত্ৰৰ ভিতৰত উশাহ ল'বলৈ বা তাত ফু মাৰিবলৈ নিষেধ কৰিছে।»

الباب الثالث: الصيد والذبائح والأضاحي

তৃতীয় অধ্যায়: চিকাৰ, জবেহ আৰু কোৰবানী

«نَهَى النَّبِيُّ ﷺ أَنْ يُقْتَلَ شَيْءٌ مِنَ الدَّوَابِ صَبْرًا».

«নবী ﷺ এ কোনো জীৱ-জন্তুক বান্ধি থৈ হত্যা কৰিবলৈ নিষেধ কৰিছিল।»