القسم السابع: الجهاد والشهادة والغنائم

সপ্তম খণ্ড: জিহাদ, শ্বাহাদত আৰু গনিম'ত

قال رسول الله ﷺ «ارْجِعْ إِلَى أَبَوَيْكَ فَاسْتَأْذِنْهُمَا، فَإِنْ أَذِنَا لَكَ فَجَاهِدْ، وإِلَّا فَبِرَّهُمَا».

আল্লাহৰ ৰাছুল ﷺ এ কৈছে, «তুমি তোমাৰ পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰি যোৱা আৰু তেওঁলোকৰ পৰা অনুমতি লোৱা। যদি তেওঁলোকে তোমাক অনুমতি দিয়ে, তেন্তে জিহাদ কৰা, নহ'লে তেওঁলোকৰ সেৱা কৰা»।

قال رسول الله ﷺ «الْمُجَاهِدُ مَنْ جَاهَدَ نَفْسَهُ فِي الله عَزَّ وَجَلَّ».

আল্লাহৰ ৰাছুল ﷺ এ কৈছে, «প্ৰকৃত মুজাহিদ হৈছে সেইজন ব্যক্তি যিয়ে মহান আল্লাহৰ সন্তুষ্টিৰ বাবে নিজৰ নফছৰ (প্ৰবৃত্তিৰ) বিৰুদ্ধে জিহাদ কৰে»।

قال رسول الله ﷺ «سَتُفْتَحُ عَلَيْكُمْ أَرَضُونَ، وَيَكْفِيكُمُ اللهُ فَلَا يَعْجِزُ أَحَدُكُمْ أَنْ يَلْهُوَ بِأَسْهُمِهِ».

আল্লাহৰ ৰাছুল ﷺ এ কৈছে, «অতি সোনকালে তোমালোকৰ বাবে বহুতো দেশ বিজয় হ'ব আৰু আল্লাহে তোমালোকৰ বাবে যথেষ্ট হ'ব। গতিকে তোমালোকৰ কোনেও যেন নিজৰ কাঁড়েৰে অনুশীলন কৰাত অৱহেলা নকৰে»।

قال رسول الله ﷺ «عَلِّمُوا أَبْنَاءَكُمُ السِّبَاحَةَ والرِّمَايَةَ».

আল্লাহৰ ৰাছুল ﷺ এ কৈছে, «তোমালোকে নিজৰ সন্তানক সাঁতোৰ আৰু ধনুবিদ্যা শিকোৱা»।

قال رسول الله ﷺ «لَا يَجْتَمِعُ غُبَارٌ فِي سَبِيلِ اللَّهِ عَزَّ وَجَلَّ وَدُخَانُ جَهَنَّمَ فِي مَنْخِرَيْ مُسْلِمٍ أَبَدًا».

আল্লাহৰ ৰাছুল ﷺ এ কৈছে, «মহান আল্লাহৰ পথৰ ধূলি আৰু জাহান্নামৰ ধোঁৱা কোনো মুছলমানৰ নাকত কেতিয়াও একত্ৰিত নহ'ব»।

قال رسول الله ﷺ «وَأَعِدُّوا لَهُم مَّا اسْتَطَعْتُم مِّن قُوَّةٍ، قَالَ: أَلَا إِنَّ الْقُوَّةَ الرَّمْيُ، أَلَا إِنَّ الْقُوَّةَ الرَّمْيُ، أَلَا إِنَّ الْقُوَّةَ الرَّمْيُ».

আল্লাহৰ ৰাছুল ﷺ এ কৈছে, «‘আৰু সিহঁতৰ (শত্ৰুৰ) বিৰুদ্ধে যিমান পাৰা শক্তি সঞ্চয় কৰা’। তেওঁ ﷺ কৈছিল: শুনা, নিশ্চয় শক্তি হৈছে ধনুবিদ্যা। শুনা, নিশ্চয় শক্তি হৈছে ধনুবিদ্যা। শুনা, নিশ্চয় শক্তি হৈছে ধনুবিদ্যা»।

«نَهَى النَّبِيُّ ﷺ عَنْ قَتْلِ النِّسَاءِ وَالصَّبْيَانِ».

«নবী ﷺ এ মহিলা আৰু শিশুসকলক হত্যা কৰিবলৈ নিষেধ কৰিছে»।