তেওঁৰ ﷺ অলৌকিক কাৰ্যসমূহ

তেওঁৰ ﷺ সৰ্বশ্ৰেষ্ঠ অলৌকিক কাৰ্য

পবিত্ৰ কোৰআন — যিটো তেওঁৰ ﷺ আটাইতকৈ ডাঙৰ, চিৰস্থায়ী আৰু যুগমীয়া মোজেজা, আৰু সকলো প্ৰজন্মৰ বাবে এক মোজেজা।

তেওঁৰ ﷺ কিছুমান ইন্দ্ৰিয়গ্রাহ্য মোজেজা

  • পবিত্ৰ বক্ষ বিদীৰ্ণ কৰা
  • ইছৰা আৰু মেৰাজ, মছজিদুল আকছালৈ আৰু তাৰ পিছত উচ্চ আকাশলৈ যাত্ৰা
  • তেওঁ ﷺ ভৱিষ্যতৰ অদৃশ্য বস্তুৰ বিষয়ে জনোৱা আৰু সেইবোৰ তেওঁ কোৱাৰ দৰেই ঘটা
  • চন্দ্ৰ দ্বিখণ্ডিত হোৱা
  • হিজৰতৰ ৰাতি তেওঁক ﷺ হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰা কাফিৰসকলৰ মাজৰ পৰা তেওঁ নিৰাপদে ওলাই অহা।
  • উম্মে মা'বাদৰ ছাগলীৰ পালত তেওঁ ﷺ হাত ফুৰোৱাত গাখীৰ ওলোৱা।
  • চকুৰ ৰোগত আক্ৰান্ত আলীৰ চকুত তেওঁ ﷺ থুই দিয়াত লগে লগে আৰোগ্য লাভ কৰা।
  • কাতাদা ইবন নু'মানৰ চকু এটা গালত ওলমি পৰাৰ পিছত তেওঁ ﷺ তাক পুনৰ আগৰ ঠাইত স্থাপন কৰি দিয়াত সেয়া তেওঁৰ আনটো চকুতকৈও ভাল হৈ পৰিছিল।
  • তেওঁ ﷺ আব্দুল্লাহ ইবন আব্বাছৰ বাবে কোৰআনৰ ব্যাখ্যা আৰু ধৰ্মৰ জ্ঞানৰ বাবে দুআ কৰিছিল আৰু সেয়া কবুল হৈছিল।
  • বহুবাৰ খাদ্য আৰু পানীয়ৰ পৰিমাণ বৃদ্ধি কৰা
  • তেওঁৰ ﷺ আঙুলিৰ ফাঁকেৰে পানীৰ সোঁত ওলোৱা।